পাঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু

 02/16/2022 - 13:04
 
 
নিউজ ডেস্কঃ পাঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ পথ দুৰ্ঘটনাত মৃত্যু। কুণ্ডিল-মানেছাৰ-পালৱাল এক্সপ্ৰেছ ৱে’ত তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়।দিল্লীৰ পৰা ভাটিণ্ডালৈ গৈ আছিল দীপ সিদ্ধু। তেনেতে নিশা প্ৰায় ৯.৩০বজাত তেওঁৰ গাড়ীখনে ট্ৰাকৰ পিছফালে খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। আৰক্ষীয়ে এই দুৰ্ঘটনাৰ তথ্য সদৰি কৰিছে।
 
হাস্পতালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ পাছত সিদ্ধুক মৃত অৱস্থাত হাস্পতাললৈ অনা হৈছিল। অভিনেতাজনৰ আকস্মিক মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে।কৃষক আন্দোলনত চামিল হোৱা অভিনেতাজন যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত হোৱা হিংসাৰ গোচৰত অভিযুক্ত হৈছিল। তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ জামিনত মুকলি হৈ আছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।