02/16/2022 - 13:38
in
নিউজ ডেস্কঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাজহুৱা মন্তব্য কৰিছে যে এতিয়াৰে পৰা পতি-পত্নীৰ কাজিয়াৰ গোচৰ ৰুজু নকৰে অসম-আৰক্ষীয়ে। তেওঁ কয় যে, পতি-পত্নীৰ কাজিয়াৰ গোচৰ ৰুজু কৰিব নালাগে। কাৰণ পতি-পত্নীয়ে কাজিয়া লগাৰ পিছতে তেওঁলোকে আৰক্ষীৰ কাষ চাপে আৰু পৰৱৰ্তী সময়ত দুয়োৰে মাজত বাঢ়ি অহা মৰম-চেনেহৰ বাবে সেই গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰে।তেওঁ কয়, পুলিচে তেনেধৰণৰ পতি-পত্নীৰ কাজিয়াৰ গোচৰ থানালৈ আহিলে তেওঁলোকক বুজাই বঢ়াই একলগ কৰিব লাগে।
কেচ ৰেজিষ্টাৰ কৰিব নালাগে। একেদৰে প্ৰাপ্তবয়স্ক ল’ৰা-ছোৱালীয়েও প্ৰেম কৰি পলাই গ’লে পিতৃ-মাতৃয়ে খঙতে অপহৰণৰ গোচৰ তৰে। এনেধৰণৰ গোচৰ ৰুজু কৰাৰ ক্ষত্ৰতো আৰক্ষীক বিবেচনা কৰিবলৈ পৰামৰ্শ সঞ্চালক প্ৰধানগৰাকীৰ। বুজাবুজিৰ মাজেৰে এনেধৰণৰ গোচৰ সমাধান কৰিবলৈ কয় তেওঁ।লগতে তেওঁ কয়, প্ৰাপ্ত বয়স্ক ল’ৰা-ছোৱালীয়ে প্ৰেম কৰিব পাৰে বা পলাই যাব পাৰে। সেইটো আইন বিৰোধী নহয়। প্ৰাথমিক তদন্ত কৰিয়েই বিষয়টো বুজাপৰাৰ মাধ্যমলৈ আনিব লাগে। এইদৰে আৰক্ষীক পৰামৰ্শ দিয়াৰ আঁৰৰ কাৰণো তেওঁ ব্যাখ্যা কৰিছে।
তেওঁৰ মতে এইদৰে পতি-পত্নীৰ গোচৰ, পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালী পলাই যোৱাৰ বাবে খঙতে ৰুজু কৰা অপহৰণৰ গোচৰ আদিৰ ফলতেই অসমত অধিক অপৰাধ সংঘটিত হোৱাৰ ৰেকৰ্ড হয়, নেচনেল ক্ৰাইম ৰিপ’ৰ্ট ব্যুৰৰ মতে মহিলাৰ বিৰুদ্ধে অসমতেই অপৰাধৰ সংখ্যা অধিক হয়। কিন্তু এইয়া সত্য নহয়।প্ৰাথমিক তদন্তৰ অবিহনে গোচৰ ৰুজু কৰাৰ বাবেই অসমৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰি ভাস্কৰ জ্যোতি মহন্তই কয় যে, পতি-পত্নীৰ কাজিয়া, প্ৰেম কৰি ল’ৰা-ছোৱালী পলাই যোৱা আদিৰ গোচৰ কিছুমান মিচা অপবাদৰ জৰিয়তে ৰুজু কৰাৰ ফলতেই মহিলাৰ বিৰুদ্ধে অসমত অপৰাধৰ গোচৰ অধিক ৰুজু হোৱা পৰিলক্ষিত হৈছে। সেয়েহে এইদৰে গোচৰ ৰুজু কৰাৰ পূৰ্বে প্ৰাথমিক তদন্ত কৰিবলৈ আৰক্ষীক পৰামৰ্শ সঞ্চালক প্ৰধানৰ।