কণ্ঠশিল্পী বাপ্পী লাহিড়ীয়ে কিয় ইমান সোণৰ অলংকাৰ পৰিধান কৰিছিল জানেনে?

 02/16/2022 - 14:16
 
 
নিউজ ডেস্কঃ কণ্ঠশিল্পী বাপ্পী লাহিড়ী সোণৰ অলংকাৰৰ প্ৰতি বিশেষভাৱে আকৃষ্ট আছিল।কিন্তু তেওঁ এই বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ পৰিধান কৰাৰ পাছত আছে এক ৰহস্য৷ এক ইণ্টাৰভিউত এই কথা প্ৰকাশ কৰিছিল বাপ্পীয়ে৷ দৰাচলতে আমেৰিকাৰ প’পষ্টাৰ এলভিছ প্ৰেচলীৰ দ্বাৰা প্ৰভাৱিত আছিল বাপ্পী লাহিড়ী৷
 
বিশেষকৈ কনচাৰ্টৰ সময়ত এলভিছে পৰিধান কৰে সোণৰ চেইন৷ এলভিছক দেখাৰ পাছৰ পৰাই তেৱোঁ সলনি কৰে নিজৰ ষ্টাইল আৰু এনেদৰে পিন্ধিবলৈ আৰম্ভ কৰে সোণৰ চেইন৷২০১৪ চনত এক শপতনামাত উল্লেখ কৰা অনুসৰি বাপ্পী লাহিড়ীৰ ওচৰত ৩৫ লাখ মূল্যৰ সোণ আৰু প্ৰায় ২.৫ লাখ মূল্যৰ ৰূপৰ অলংকাৰ আছিল৷তাৰোপৰি, বাপ্পী দাৰ ওচৰত থকা সোণৰ পৰিমাণতকৈও অধিক সোণ আছে তেখেতৰ পত্নীৰ ওচৰত৷ বাপ্পী লাহিড়ীৰ পত্নী চিত্ৰানীৰ লগত আছে ৯৬৭ কিলোগ্ৰাম সোণ আৰু ৮১৯ কিলোগ্ৰাম ৰূপ আছে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।