এশ এবুৰি সমস্যাত ভাৰক্ৰান্ত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়

 06/07/2019 - 12:51

শ্ৰীৰামপুৰঃ ছোৱালীৰ শিক্ষা সাৰ্বজনীন কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ঠায়ে ঠায়ে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপন কৰিছে৷ কিন্তু নানান সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে এই বিদ্যালয়৷ গোঁসাইগাঁও মহকুমাৰ কচুগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত জ্বলেশ্বৰী-কচুগাঁও কস্তুৰবা গান্ধী বালিকা আৱাসীক বিদ্যালয়খন বিছনা, শ্ৰেণী কোঠা, পানী আৰু নিৰাপত্তাকে ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ পৰিছে৷

এই বিদ্যালয়সমূহ পৰিচালনা কৰিবলৈ চৰকাৰে বছৰি কোটি কোটি টকাৰ আৱন্টন দিছে যদিও সমস্যাই গা এৰা নাই। শ্ৰেণীকোঠাৰ অভাৱত থকা কোঠালীৰ ভিতৰত পকীত বহি শ্ৰেণী কাৰ্য আহৰণ কৰিছে শিক্ষাৰ্থীসকলে। বিদ্যালয়খনত মুঠ ৮২ গৰাকী ছাত্ৰীৰ বিপৰীতে দহগৰাকী শিক্ষয়িত্ৰী আছে। বৰষুণ আহিলেই কোঠালিসমূহ ভৰি পৰে পানীৰে৷ এনেদৰে নানা সমস্যাৰ মাজেৰে এখন বিদ্যালয় চলি আছে যদিও কেন্দ্ৰীয় তথা অসম চৰকাৰৰ কোনো খবৰে নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।