জনজাতিকৰণৰ দাবীত দিল্লী কঁপোৱাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ

 02/17/2022 - 14:40
 
 
 
গহপুৰঃ চৰকাৰলৈ দিল্লী কঁপোৱা হুংকাৰ দিছে টাই আহোম যুৱ পৰিষদে। টাই আহোম সকলক জনজাতিকৰণৰ দাবীত আগন্তুক সময়ত অতি শীঘ্ৰেই প্ৰতিবাদেৰে দিল্লী কঁপোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে টাই আহোম যুৱ পৰিষদে। প্ৰতিটো মহকুমাই মহকুমাই সংগঠনটিৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হৈ গহপুৰত উপস্থিত থাকি এই কথা সদৰী কৰিছে, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক দিগন্ত তামুলীয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।