মানৱ সমাজক লজ্জানত কৰা ঘটনা, দামুৰী পোৱালিক ধৰ্ষণ চাৰিজনৰ, প্ৰস্তুত কৰিলে ভিডিঅ’

 02/17/2022 - 18:01
 
 
 
নিউজ ডেস্কঃ ৰাজস্থানৰ আলোৱাৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি৷ নিজৰ পৈশাচিক প্ৰবৃত্তি উদঙাই দি এইসকল লোকে লজ্জানত কৰি আহিছে মানৱ সমাজক। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ বিভিন্ন সময়ত নাৰী নিৰ্যাতনৰ বলি হৈ অহাৰ খবৰে সকলোকে ভাৰাক্ৰান্ত কৰি অহাৰ সময়তে এইবাৰ অবোধ পশুক যৌন নিৰ্যাতন চলোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাৰিজনকৈ লোকে এটি দামুৰি পোৱালি বলাৎকাৰ কৰাৰ লগতে নানা অমানৱীয় অত্যাচাৰ চলোৱাৰ ঘটনাই এতিয়া সকলোকে ক্ষুব্ধ আৰু লজ্জানত কৰি তুলিছে।  এই ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে, পথৰ ওপৰত শুই থকা এটা দমুৰি পোৱালিক যৌন নিৰ্যাতন চলাইছে এজন লোকে। আন এজনে দামুৰিটোৱে চিঞৰিব নোৱৰাকৈ মুখত সোপা মাৰি ধৰিছে।
 
ঘটনা সংঘটিত হোৱাৰ সময়ত আন দুজন লোক সেই স্থানত উপস্থিত আছিল আৰু তাৰে এজনে ভিডিঅ’ প্ৰস্তুত কৰি ভাইৰেল কৰিছিল। চাৰিওজন অভিযুক্তকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে ফাটেহ মহম্মদ নামৰ এজন লোকে অভিযুক্তকেইজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। আলোৱাৰৰ চোপাংকী নামৰ ঠাইখনত এই পাশৱিক ঘটনা সংঘটিত কৰিছিল লোককেইজনে। অভিযোগ লাভ কৰাৰ পাছতে ৰাজস্থান আৰক্ষীয়ে জুবেইৰ, তালিম, ৱাৰিছ আৰু চুনাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্ত যুৱককেইজন ২০ৰ পৰা ২২ বছৰ বয়সৰ বুলি আৰক্ষীয়ে সদৰি কৰিছে। দুষ্কৃতিকাৰীকেইজনে বিকৃত কামনা চৰিতাৰ্থ কৰিবলৈ এই পাশৱিক কাৰ্য সংঘটিত কৰিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আলোৱাৰৰ আৰক্ষী অধীক্ষক শান্তনু কে সিঙে প্ৰকাশ কৰে যেস অভিযুক্তকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৭নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। নিৰ্যাতনৰ বলি হোৱা দামুৰি পোৱালিটোৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে।এই ঘটনাৰ পাছতে স্থানীয় লোকসকল ক্ষুব্ধ বৈ পৰে। বুধবাৰে সহস্ৰাধিক লোকে প্ৰতিবাদী সমদল উলিয়াই আলোৱাৰ জিলাৰ প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অভিযুক্ত লোককেইজনক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।