কা’ বলবৎ হ’বই, পিছুৱাই অহাৰ প্ৰশ্নয়েই নুঠে- অমিত শ্বাহ

 02/22/2022 - 12:31
 
 
নিউজ ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্তব্য- ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন। চৰকাৰে এতিয়ালৈকে প্ৰস্তুত কৰিব পৰা নাই কা’-ৰ বিধি, কিন্তু ক’ৰনাৰ সংহাৰ কমাৰ পিছতেই বলবৎ কৰা হ’ব কা’।
 
যেতিয়ালৈকে ক’ৰনাৰ পৰা সম্পূ্ৰ্ণ পৰিত্ৰাণ পোৱা নাযায় তেতিয়ালৈকে কা’-ক প্ৰাধান্য দিয়া নহয়। কা’-অহাৰ প্ৰায় ২ বছৰ পাছতেই ক’ৰনাই দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। কিন্তু ইয়াৰ পৰা পিছুৱাই অহাৰ প্ৰশ্নয়েই নুঠে। মন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।