02/22/2022 - 15:57
in
নিউজ ডেস্কঃ বলিউডৰ অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে নিজৰ সংঘৰ্ষৰ বিষয়ে বিভিন্ন সময়ক মন্তব্য প্ৰকাশ কৰা দেখা যায়। কেইমাহমান পূৰ্বে নৱাজে মুম্বাইত নিজৰ এটি ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছিল। নিজৰ পিতৃৰ নামেৰে নামাকৰণ কৰা ঘৰটোৰ ফটো ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈছিল।
ইয়াৰ মাজত পুনৰ চৰ্চালৈ আহিছে নৱাজুদ্দিন। এক সাক্ষাতকাৰত তেওঁ কয় যে ”আজি মোৰ ব্যক্তিগত বাথৰুমটো যিমান ডাঙৰ এটা সময়ত সিমান ডাঙৰ মোৰ ঘৰ আছিল।যেতিয়া মই মুম্বাইলৈ আহিছিলো, তেতিয়া একেবাৰে সৰু ঠাই এটুকুৰাত আছিলো।তাত অন্য বহু অভিনেতাও আছিল।
সেই ৰুমটো ইমানেই সৰু আছিল যে যদি কোনোৱে দৰ্জা খোলে তেন্তে কাৰোবাৰ ভৰিত লাগিছিল।আমি তাত মাটিত শুইছিলো।লাহে লাহে মই তিনিজনৰ লগত ৰুম শ্বেয়াৰ কৰা আৰম্ভ কৰিলো, তাৰ পাছত দুজন আৰু ২০০৫ চনৰ পৰা মই অকলে থাকো”।