প্ৰিয়ংকাই মোৰ সৈতে অন্তৰংগ দৃশ্য কৰা নাছিল কাৰণ মই দেখাত বেয়া- অনু কাপুৰ

 02/22/2022 - 17:22
 
 
নিউজ ডেস্কঃ শেহতীয়াকৈ অনু কাপুৰৰ নামটো চৰ্চাত আহিছে এটা বিশেষ কাৰণত। অনুৱে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সন্দৰ্ভত এক মন্তব্য কৰে, সেই মন্তব্যক লৈ আৰম্ভ হৈছে চৰ্চা। অনু কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাই একেলগে ‘এইটৰাজ’ আৰু ‘সাত খুন মাফ’ত অভিনয় কৰিছে। ‘সাত খুন মাফ’ত প্ৰিয়ংকা চোপ্ৰাৰ ৭ জন স্বামী আছিল। সেই ৭জন স্বামীৰ ভিতৰত এজন স্বামী আছিল অনু কাপুৰ। বাকী ৬ জন স্বামীৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খান, নাছিৰুদ্দিন শ্বাহ, নীল নীতিন মুকেশ, জন আব্ৰাহাম, ভিভান শ্বাহ আৰু আলেকজেণ্ডাৰ ডায়াছেনকোৱে।
 
 
অনু কাপুৰে এক সাক্ষাৎকাৰত কৈছিল যে ”প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতে অন্তৰংগ দৃশ্যত অভিনয় কৰিবলৈ সন্মত হোৱা নাছিল কিয়নো মই দেখিবলৈ বেয়া। মই যদি দেখাত সুন্দৰ নায়ক হ’লোহেঁতেন প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতেও অন্তৰংগ দৃশ্য কৰিলেহেঁতেন।প্ৰিয়ংকাৰ নায়কসকলৰ সৈতে অন্তৰংগ দৃশ্য কৰাত কোনো সমস্যা নাই।” এই মন্তব্য চৰ্চালৈ অহাৰ পাছত প্ৰিয়ংকা চোপ্ৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। প্ৰিয়ংকাই কৈছিল “যদি কোনোবাই অন্তৰংগ দৃশ্যত অভিনয় কৰিব বিচাৰে আৰু এনে নীচ মন্তব্য কৰিব বিচাৰে তেন্তে তেওঁ তেনে ধৰণৰ চিনেমাত কাম কৰা উচিত। মই কৰা চিনেমাখনৰ চিত্ৰনাট্যত তেনে কোনো দৃশ্য নাছিল।’’
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।