মই চেলিব্ৰিটি হ’লোঁ, এতিয়া বাদাম বিক্ৰী কৰিলে মানুহে হাঁহিব, ঠাট্টা কৰিব- ভুৱন বাদ্যকৰ

 02/22/2022 - 20:02
 
 
 
নিউজ ডেস্কঃ ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’-এই কাচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ। ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰিল গানটো।কাচা বাদাম গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিলে পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে। এক অৰ্থত তেওঁ ৰকষ্টাৰ হৈ পৰিছে। তিনি মাহৰ আগলৈকে তেওঁৰ বাবে পৰিয়াল প্ৰতিপালন কৰাটো কঠিন আছিল। বৰ্তমান কাচা বাদাম গানটো ইউটিউৱত আপলোড কৰা মিউজিক কোম্পানীটোৱে তেওঁক ৰয়েলটি হিচাপে ৩ লাখ টকা দিছে। হঠাতে ইমান মৰম আৰু খ্যাতি লাভ কৰি অভিভূত হৈ পৰিছে ভুৱন। ভুবনে আৰু বাদাম বিক্ৰী কৰিব নিবিচাৰে। তেওঁ এগৰাকী শিল্পী হৈ জীৱন কটাব বিচাৰে। ভুৱন বাদ্যকৰে কয় যে তেওঁৰ চুবুৰীয়াসকলে এতিয়া তেওঁক বাদাম বিক্ৰী কৰিবলৈ মানা কৰিছে।ভুবনে কৈছিল যে তেওঁ মানুহৰ পৰা ইমান মৰম পাইছে যে তেওঁৰ সুখ প্ৰকাশ কৰিবলৈ তেওঁৰ ওচৰত শব্দ অভাৱ। ভুৱনক সোধা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কি কৰিব? তেওঁ উত্তৰ দিছিল, “মই এজন শিল্পী হ’ব বিচাৰো। মই এজন চেলিব্ৰিটি হৈ পৰিছোঁ। এতিয়া যদি মই এজন চেলিব্ৰিটি হৈ বাদাম বিক্ৰী কৰোঁ, মানুহে মোক হাঁহিব ঠাট্টা কৰিব। যেতিয়াৰ পৰা তেওঁৰ গাওঁবাসীয়ে তেওঁৰ খ্যাতিৰ বিষয়ে জানিব পাৰিছে তেতিয়াৰে পৰা তেওঁক বাদাম বিক্ৰী কৰিবলৈ যোৱা বন্ধ কৰি দিছে। গাঁওবাসীয়ে কৈছে যে ‘‘এতিয়াও যদি মই ৰাস্তাই ৰাস্তাই ঘূৰি ঘূৰি বাদাম বিক্ৰী কৰি ফুৰোঁ,মোক কোনোবাই অপহৰণ কৰি নিব পাৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।