পিতৃ–মাতৃয়ে ভোট দিলেই পৰীক্ষাত সন্তানে পাব ১০ নম্বৰ বেছি, দুৰ্বল শিক্ষাৰ্থীসকলৰো সহজ হ’ব পৰীক্ষাত পাছ কৰা

 02/23/2022 - 13:19
 
 
 
নিউজ ডেস্কঃ বিগত ১০ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ প্ৰদেশত ভোটগ্ৰহণ আৰম্ভ হৈছে। চলিব ৭ মাৰ্চলৈ। বাকী পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে এই পৰিকল্পনা লৈছে লক্ষ্ণৌৰ ক্ৰাইষ্ট ছাৰ্চ কলেজৰ অধ্যক্ষ ৰাকেশ কুমাৰে। তেওঁৰ মতে, যিসকল পঢ়া–শুনাত কিছু দুৰ্বল, এই উদ্যোগৰ ফলত সেইসকল ছাত্ৰ–ছাত্ৰীয়েও পৰীক্ষাত তুলনামূলকভাৱে ভাল ফলাফল কৰিব পাৰিব।
 
সংবাদ প্ৰতিষ্ঠান এএনআইক ৰাকেশ কুমাৰে কয়, ‘যিসকল শিক্ষাৰ্থীৰ পিতৃ–মাতৃয়ে ২৩ ফেব্ৰুৱাৰী আৰু বাকী পৰ্যায়সমূহত ভোটদান কৰি নিৰ্বাচনত সক্ৰিয়ভাৱে অংশ ল’ব, তেওঁলোকক আমি ১০ নম্বৰকৈ পুৰস্কাৰ হিচাপে দিম। এইদৰে আমি ভোটদানৰ হাৰ এশ শতাংশলৈ নিয়াৰ চেষ্টা কৰিছো। লগতে এই সিদ্ধান্তৰ ফলত দুৰ্বল শিক্ষাৰ্থীসকলৰো পৰীক্ষাত পাছ কৰা সহজ হ’ব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।