কিলি পলক ভাৰতীয় উচ্চায়ুক্তৰ বিশেষ সম্বৰ্ধনা

 02/23/2022 - 14:13
 
 
নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত অতিকৈ জনপ্ৰিয় এটি নাম কিলি পল। ভাৰতীয়ৰ মাজত অতি জনপ্ৰিয় এই যুৱকজন। তাঞ্জানিয়াৰ যুৱক কিলি পলে ভাৰতীয় গানক প্ৰাধান্য দি ৰীল ভিডিঅ’ বনাই সকলোকে মন্ত্ৰমুগ্ধ কৰি আহিছে। ভাৰতীয় গানক মনে-প্ৰাণে ভালপোৱা কিলি পলক তাঞ্জানিয়াৰ ভাৰতীয় আয়োগে বিশেষভাৱে সন্মানিত কৰিছে।
 
তাঞ্জানিয়াৰ ভাৰতৰ উচ্চায়ুক্ত বিনয় প্ৰধানে ২১ ফেব্ৰুৱাৰীত বিশেষভাৱে সম্বৰ্ধনা জনায় কিলি পলক। কিলিয়ে ভাৰতৰ উচ্চায়ুক্তৰ পৰা সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে পৰম্পৰাগত পোছাক পৰিধান কৰি গৈছিল। বিনয় প্ৰধানে কিলিৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি লিখে-”আজি তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়লৈ এগৰাকী বিশেষ অতিথি আহে। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ ভিডিঅ’ৰে ভাৰতত লাখ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।”
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।