02/23/2022 - 15:03
in
শালবাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষীৰ তীব্ৰ অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ কৰাৰ লগতে তিনি ড্ৰাগছ আসক্ত যুৱক আৰক্ষীৰ জালত। ধৃত ড্ৰাগছ মাফিয়া চফিকুল ইছলামৰ পৰা বৃহৎ পৰিমানৰ হেৰ'ইন আৰু ৯০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ড্ৰাগছ মাফিয়া চফিকুলৰ স্বীকাৰৰ ভিত্তিত আৰক্ষীয়ে তিনি গৰাকী ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত তিনি যুৱক ক্ৰমে" আশ্ৰৱ আলী, চিৰাজুল হক আৰু আনোৱাৰ হুছেইন। বিগত চাৰি বছৰে বৰপেটাৰ পৰা লক্ষাধিক টকাৰ ড্ৰাগছ সৰবৰাহ কৰিছিল মাফিয়া চফিকুলে।
ড্ৰাগছ মাফিয়া চফিকুলৰ বিস্ফোৰক মন্তব্য। ড্ৰাগছৰ লগত জড়িত হোৱা পৰা প্ৰায় চল্লিশ লক্ষাধিক টকাৰ ড্ৰাগছ সেৱন কৰিছিল। আৰক্ষীয়ে ড্ৰাগছ মাফিয়া চফিকুল ইছলামক কাউৰপাৰাৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিগৰাকী ড্ৰাগছ আসক্ত যুৱকক জাকখিবিল পথাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি ড্ৰাগছৰ লগত জড়িত চাৰিওজনক অধিক তথ্যৰ বাবে গোৱৰ্দ্ধনা আৰক্ষীয়ে জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।জানিব পৰা মতে ড্ৰাগছ মাফিয়া চফিকুলে নামনি অসমৰ কেইবাখনো জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ী চলায় বহু যুৱ প্ৰজন্মক ধ্বংসৰ পিনে থেলি দিছিল।অৱশেষত আৰক্ষীৰ এই বৃহৎ সাফল্য সচাকৈ প্ৰশংসনীয়