৩ দিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব ৰামনাথ কোবিন্দ

 02/23/2022 - 16:29
 
 
 
নিউজ ডেস্কঃ ৩ দিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামানাথ কোবিন্দ। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসম ভ্ৰমণৰ এই সময়ছোৱাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ কাৰ্যসূচী উদ্বোধন কৰিব। লগতে ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশগ্ৰহণ কৰাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো ভ্ৰমণ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰপতিগৰাকীয়ে জীপ আৰু হাতী ছাফাৰী কৰিব বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৬ ফেব্ৰুৱাৰীত কাজিৰঙা ভ্ৰমণৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল’বলৈ উদ্যানৰ বাগৰী বনাঞ্চলত পুৱাই উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বিষয়ে মন্তব্য কৰি কয় যে, আমি অসম ভ্ৰমণৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনাইছিলো আৰু তেওঁ আমাৰ অনুৰোধত সন্মতি জনাইছে।মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাষ্ট্ৰপতিয়ে যোৰহাটত আহোম সেনাপতিৰ লাচিত বৰফুকনৰ স্মাৰকৰ পুনৰ নিৰ্মাণৰ ভেটি স্থাপন কৰি বৰফুকনৰ জন্ম জয়ন্তী উদযাপন আৰম্ভ কৰিব। ৰাষ্ট্ৰপতিয়ে কামৰূপৰ ডোৰাত আলাবৈ যুদ্ধৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব।আনহাতে ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত সাধাৰণ নাগৰিকৰ বাবে বন্ধ কৰা হৈছে কাজিৰঙা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।