ডিজিটেল ডেস্কঃ কমনৱেলথ গেম চেম্পিয়ন মল্লযােদ্ধা ববিতা কুমাৰী আৰু সতীর্থ যােদ্ধা বিবেক চুহাগ অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব। ববিতাই শেহতীয়াকৈ টুইটাৰযােগে এখন ফটো ৰাজহুৱা কৰিছে, যত হ'বলগীয়া জোঁৱাই বিবেকে ববিতাৰ পিতৃ মহাবীৰ সিং ফোগাটৰ পৰা আশীর্বাদ লোৱা দেখা গৈছে।
উল্লেখ্য, ববিতা হ'ল বিখ্যাত ফোগাট ভগ্নীদ্বয়ৰ কণিষ্ঠাগৰাকী। জ্যেষ্ঠা ভগ্নী গীতা ফোগাটৰ জীৱন আধাৰতে বলিউডৰ ব্লক ব্লাষ্টাৰ চিনেমা 'ডংগল’ নির্মিত হৈছিল। য’ত আমিৰ খানে গীতা-ববিতাৰ পিতৃ মহাবীৰ সিং ফোগাটৰ চৰিত্ৰৰ সফল ৰূপায়ন কৰিছিল।
২০১২ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা ববিতাই ২০১৪ আৰু ২০১৮ চনৰ কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰি ক্ৰীড়াজগতত অনন্য আসন দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বছৰটোৰ শেষৰফালে ভাৰতৰ দুই প্ৰতিভাশালী মল্লযােদ্ধা ববিতা কুমাৰী আৰু বিবেক চুহাগে বিবাহপাশত আৱদ্ধ হৈ জীৱনৰ অন্য এক অধ্যায় আৰম্ভ কৰিব।