গুৱাহাটীৰ পৰা বাংগালোৰলৈ নতুন বিমানসেৱাৰ সংযোজন

 02/23/2022 - 18:55
 
 
 
গুৱাহাটীঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত সম্প্ৰতি যাত্ৰীৰ ভিৰ লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। এসপ্তাহৰ ভিতৰতে বিমানযাত্ৰীৰ সংখ্যা প্ৰায় দুগুনলৈ বৃদ্ধি হৈছে। উল্লেখযোগ্য যে বিমান সংযোজনৰ ক্ষেত্ৰত 'ভিস্তাৰা এয়াৰলাইনে' এখন নতুন বিমান সেৱা স্থাপন কৰিবলৈ সক্ষম হৈছে। ফ'ৰ ষ্টাৰ বিমানসেৱা হিচাপে দাবী কৰা 'ভিস্তাৰা এয়াৰলাইনে' গুৱাহাটীৰ পৰা বাংগালোৰলৈ সপ্তাহৰ পাঁচদিনেই এই সেৱাৰ আৰম্ভ কৰিছে। দৰাচলতে, এই সেৱা ‍কভিডোত্তৰ কালতেই আৰম্ভ হৈছিল যদিও বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা অতিমাৰীৰ বাবে এয়াৰলাইনে এই সেৱা বাতিল কৰিবলৈ বাধ্য হৈছিল। অৱশেষত যোৱা ১৫ ফেব্ৰুৱাৰী, ২০২২ তাৰিখৰ পৰা, নতুন উদ্যমৰে এই সেৱা পুনৰবাৰ আৰম্ভ কৰা হৈছে।
 
গুৱাহাটীৰ পৰা আৰম্ভ কৰা এই বিমান সেৱাই বাংগালোৰলৈ যাত্ৰা কৰিব খোজা যাত্ৰীসকললৈ নতুন সুবিধা আনি দিব। কেইজনমান বিমানযাত্ৰীয়ে এই নতুন বিমানসেৱাক অতি প্ৰশংসনীয় বুলি মন্তব্য প্ৰকাশ কৰিছে। 'ভিস্তাৰা' বিমানখনৰ বৈশিষ্ট হৈছে, ই গঠনত ঠেকগণ্ডীযুক্ত আৰু আটাইকেইটা চিটেই "ইক'নমিক ক্লাছ" পৰ্য্যায়ৰ। ইযাত ১৮০ খন আসন আছে। এই বিমানখন দেওবাৰে, সোমাবাৰে, বৃহস্পতিবাৰে, শুক্ৰবাৰ আৰু শনিবাৰে গুৱাহাটীৰ পৰা বাংগালোৰলৈ আৰু বাংগালোৰৰ পৰা গুৱাহাটীলৈ চলে। 'ইউ কে-৭৬৬' নামৰ বিমানখন গুৱাহাটী বিমানকোঠৰ পৰা সন্ধিয়া ৪ বাজি ৫ মিনিটত উৰণ কৰি বাংগালোৰত গৈ ৭ বাজি ১০ মিনিটত অবতৰণ কৰে। ঠিক একেদৰে বিমান 'ইউ কে-৭৫৫' খনে বাংগালোৰৰ পৰা দুপৰীয়া ১২ বাজি ২০ মিনিটত উৰণ আৰম্ভ কৰি গুৱাহাটীত বিয়লি ৩ বাজি ৩০ মিনিটত অবতৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।