02/23/2022 - 20:03
in
কামপুৰঃ আজি কামপুৰ পৌৰ সভাত নিৰ্বাচনী প্ৰচাৰ চলাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। বিধায়কজনে ৫নং আৰু ৯ নং ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থী ক্ৰমে জয়ন্তু ফুনক আৰু চন্দন শইকীয়াৰ লগতে মিত্ৰজোঁট অসম গণ পৰিষদৰ ২নং ৱাৰ্ডৰ প্ৰাৰ্থী মালবিকা বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে নিৰ্বাচনী প্ৰচাৰ কাৰ্যলয়ৰ দুৱাৰ মুকলি কৰে।বিধায়ক জনে বঢ়মপুৰ সমষ্টিৰ একমাত্ৰ পৌৰসভা খনত বিজেপি দলৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল জয়ী হ’ব বুলি কয়। তেওঁ কামপুৰ পৌৰসভাৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলক ভোট দিয়াৰ বাবে ৰাইজৰ প্ৰতি আহ্বান কৰে।