নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি জন্মদিন

 02/24/2022 - 12:48
 
 
নিউজ ডেস্কঃ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি জন্মদিন। পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল শ্বিলঙত, ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰপৰা এখেতে ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। কটন কলেজৰপৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে।
 
দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ 'স্কুল অৱ্‌ ইকন্‌মিকছ'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সাংবাদিক গৰাকীৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি আজি পৰাগ কুমাৰ দাস মেম’ৰিয়েল ট্ৰাষ্টে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছ স্মাৰক বক্তৃতানুষ্ঠান। ট্ৰাষ্টৰ প্ৰথম বাৰ্ষীক স্মাৰক বক্তৃতানুষ্ঠানৰ বিষয় ‘স্বাধীনতাৰ প্ৰস্তাৱ- যুগে যুগে’।বিশিষ্ট লেখক, সমালোচক তথা ইংৰাজী সাহিত্যৰ অধ্যাপক তিলোত্তমা মিশ্ৰই আগবঢ়াব এই স্মাকৰ বক্তৃতা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।