২০৩০ চনৰ ভিতৰত পৃথিৱীৰ তৃতীয় ধনী দেশত পৰিণত হ’ব ভাৰতবৰ্ষ- মুকেশ আম্বানী

 02/24/2022 - 13:05
নিউজ ডেস্কঃ ২০৩০ চনৰ ভিতৰত ভাৰতবৰ্ষ পৃথিৱীৰ তৃতীয় ধনী দেশত পৰিণত হ’ব- মুকেশ আম্বানী। বুধবাৰে এছিয়া অৰ্থনৈতিক আলোচনাত ড০ ৰঘুনাথ অনন্ত মাছেলকাৰৰ সৈতে হোৱা আলোচনাত এই মন্তব্য কৰে আম্বানীয়ে। সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে, ‘পৃথিৱীৰ ভিতৰতেই ধনী দেশত পৰিণত হ’ব ভাৰত। কিয়নো তৃতীয় অৰ্থনীতিৰ দিশে ধাৱমান ভাৰত। বৰ্তমান এছিয়াই এক সামগ্ৰিক গোলকীয় অৰ্থনীতিৰ দিশত আগবাঢ়ি আছে আৰু ২০৩০ চনৰ ভিতৰত ভাৰতে তৃতীয় সৰ্ববৃহত অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে।’ ‘এতিয়া ভাৰতৰ সময়। ভাৰতে হয়তো জাপানকো চেৰ পেলাব আৰু এছিয়াৰ ভিতৰত দ্বিতীয় আৰু বিশ্বৰ ভিতৰত তৃতীয় বৃহত অৰ্থনীতি হ’ব’।
যোৱা ২০ বছৰত, আমি তথ্য প্ৰযুক্তিৰে বিশ্বত এক পৰিচয় দাঙি ধৰিছো সেয়ে মই বিশ্বাস কৰোঁ, অহা ২০ বছৰত প্ৰযুক্তিৰ সৈতে, শক্তি আৰু জীৱন বিজ্ঞানৰ ক্ষেত্ৰত এক মহাশক্তি হিচাপে আমাৰ উত্থান চিহ্নিত কৰিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।