বিশ্বকাপৰ বা-বতৰা

 06/07/2019 - 14:42

ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপ-২০১৯ত বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হয় অষ্ট্ৰেলিয়া। টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় ৱেষ্ট ইণ্ডিজে। অষ্ট্ৰেলিয়াই ৪৯ অ’ভাৰত ১০ টা উইকেট হেৰুৱাই ২৮৮ ৰান কৰিবলৈ সক্ষম হয়। আনহাতে ৱেষ্ট ইণ্ডিজে ৫০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ২৭৩ ৰান কৰে।

১৫ ৰানৰ ব্যৱধানত জয়ী হয় অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ নাইথেন ক’ল্টাৰ নাইলে ৬০ টা বলত ৯২ ৰান কৰি 'মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰে। ক্ৰিকেট বিশ্বকাপৰ একাদশখন খেল আজি বিয়লি ৩ বজাৰ পৰা কাউণ্টী গ্ৰাউণ্ড ব্ৰীচটলত পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।