শীঘ্ৰেই নিৰ্মাণ হ’ব অসম-মেঘালয় সংযোগী ধুবুৰী-ফুলবাৰী দলং

 06/07/2019 - 15:15

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বাজেট অধিৱেশনত শেহতীয়াকৈ অসম আৰু মেঘালয় সংযোগী ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

এই দলঙখনে ৯.১৫ কি.মি. দৈৰ্ঘ্যৰ ভাৰতৰ দীৰ্ঘতম দলং ভূপেন হাজৰিকা সেতুকো চেৰ পেলাব। ব্ৰহ্মপুত্রৰ ওপৰত চাৰিখন ঠাইক সংযুক্ত কৰিব এই দলঙখনে।

দলঙখনে ধুবুৰীৰ পৰা উত্তৰপাৰ আৰু ফুলবাৰীৰপৰা দক্ষিণ পাৰলৈ এনএইচ-১২৭ বি পথেৰে অসম আৰু মেঘালয়ক সংযুক্ত কৰিব। দলঙখনৰ দৈৰ্ঘ্য হ'ব ১৯.২৮২ কি.মি.। এই দলঙখনৰ বাবে চৰকাৰে ৪,৯৯৭ কোটি টকা আৱণ্টন দিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।