নলবাৰীঃ নলবাৰী জিলা স্বাস্থ্য বিভাগৰ অন্তৰ্গত ঘগ্ৰাপাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ এলেকাধীন আল্লিয়া হৰিমন্দিৰত আজি অনুষ্ঠিত হয় এখন স্বাস্থ্যমেলা। জনতাৰ সুবিধাৰ্থে বিভিন্ন ৰোগ চিনাক্তকৰণ, চৰকাৰী আঁচনিসমূহৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে জনতাক সজাগ কৰাৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা কিদৰে উপযুক্ত চিকিৎসকৰ জৰিয়তে গ্ৰহণ কৰিব পাৰি তাক অৱগত কৰোৱাই হৈছে এই স্বাস্থমেলাৰ প্ৰধান উদ্দেশ্য।
স্বাস্থ্যমেলাত চকু, কান, ডিঙি, অস্থি, মেডিচিন, প্ৰসূতি, দন্ত, আদিৰ অভিজ্ঞ চিকিৎসকৰ লগতে স্বাস্থ্য বিভাগৰ এটি দল উপস্থিত থাকে। অনুষ্ঠানটিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক কনক ভৰালী সহ প্ৰায় চাৰিশতাধিক লোকে অংশগ্ৰহণ কৰা স্বাস্থ্যমেলাৰ সজাগতা সভাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ চিকিৎসক তথা নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচু, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া-ডাঃ সুৰেন মজুমদাৰে ভাষণত বিভিন্ন ৰোগ সন্দৰ্ভত ল’বলগা আগতীয়া সজাগতাৰ বিষয়ে বিতংকৈ বক্তব্য আগবঢ়াই।
ইয়াৰ পিছতে স্বাস্থ্য মেলাখনত উক্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰে ক্ৰমে ডাঃ জয়ন্ত তামুলী, চিকিৎসক ডাঃ দিগন্ত ডেকা, চিকিৎসক ডাঃ বিকাশ শৰ্মা, ডাঃ ভৱেশ দাস,ডাঃ পাৰিহা নাছৰিন,ডাঃ গুণজিত ডেকা আদিয়ে। ইয়াৰ পূৰ্বে পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা এই স্বাস্থ্যমেলাৰ শুভাৰম্ভণি কৰে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে। স্বাস্থ্যমেলাখন শুভাৰম্ভণি কৰি এনেধৰণৰ অনুষ্ঠানে চৰকাৰৰ বিভিন্ন আঁচনি সাধাৰণ জনতাক জ্ঞাত কৰোৱা লগতে দুৱাৰদলিত পোৱা সুবিধাসমূহত জনতা যথেষ্ট উপকৃত হয় বুলি সদৰী কৰে জিলা উপায়ুক্তই।