ইউক্ৰেইনৰ পৰা স্বদেশলৈ সুকলমে উভতিল ৪৬৯ গৰাকী ভাৰতীয় শিক্ষাৰ্থী

 02/27/2022 - 13:04

 

নিউজ ডেস্কঃ ইউক্ৰেইনৰ পৰা সুকলমে স্বদেশলৈ উভতিল ৪৬৯ গৰাকী ভাৰতীয় শিক্ষাৰ্থী। এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৯৪৩ ৰ জৰিয়তে ২১৯ জন ভাৰতীয় শিক্ষাৰ্থীক স্বদেশলৈ ঘূৰাই অহা হৈছে। স্বদেশলৈ ঘূৰি অহা এই শিক্ষাৰ্থীসকলৰ বাবে মুম্বাইৰ বিমানবন্দৰত এটা বিশেষ কৰিডৰ নিৰ্মাণ কৰা হৈছিল। ৰোমানিয়াৰ বুখাৰেষ্টৰ পৰা ২৫০ জন শিক্ষাৰ্থীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানে নিশা ৯.৩০ বজাত নতুন দিল্লীলৈ উৰা মাৰে।এই বিমানখনদেওবাৰে পুৱা নতুন দিল্লী বিমানবন্দৰত অৱতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।