কাজিৰঙাৰ নান্দনিক সৌন্দৰ্য উপভােগ ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দৰ

 02/27/2022 - 13:18

 

নিউজ ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী উপভোগ কৰে। ৰাষ্ট্ৰপতিয়ে শনিবাৰে বিয়লি তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৯ তম সমাৱৰ্তনত অংশগ্ৰহণ কৰাৰ পিছত যোৱা নিশা কাজিৰঙাত উপস্থিত হয়। কাজিৰঙাত তেওঁৰ দ্বিতীয় দিনৰ অন্যান্য কাৰ্যসূচীৰ উপৰিও ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাতিপুৱা তেওঁৰ পৰিয়ালৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী উপভোগ কৰে। ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ কাজিৰঙা ভ্ৰমণত এখন জীপ চাফাৰীও লৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জ এলেকাত হাতী ছাফাৰী কৰে।
ৰাষ্ট্ৰপতিৰ সহধৰ্মিনী সৱিতা কোবিন্দ আৰু দুহিতা স্বাতী কোবিন্দেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।