বাহাৰঘাটঃ নলবাৰী জিলাৰ আঠঘৰিয়াৰ বিশিষ্ট সমাজসেৱক অবিনাশ ভট্টাচাৰ্য্যৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে তেওঁৰ জন্ম গাঁৱৰ বাসভৱনত সোঁৱৰণী গ্ৰন্থ সম্পাদনা সমিতিয়ে পৰিয়ালৰ সহযোগত সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ তদুপলক্ষে আজি দুপৰীয়া সোঁৱৰণী গ্ৰন্থ সভাপতি মহেশ্বৰ ভট্টাচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰঞ্জন চন্দ্ৰ ডেকাই৷
সোঁৱৰণী গ্ৰন্থ সোঁৱৰণী গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক দেৱকান্ত ভট্টাচাৰ্য্যই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কনক চন্দ্ৰ লহকৰ, ধুৰকুছি সিদ্ধি শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন্দ্ৰ নাথ শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড°প্ৰবোধ শৰ্মা, বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি ৰজত চন্দ্ৰ শৰ্মা, নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যাপক ড°কৌশিক ডেকা, শিক্ষক মুকুল লহকৰ, পৰিয়ালৰ ফালৰ পৰা জ্যেষ্ঠ ভাতৃ অমিয় কুমাৰ ভট্টাচাৰ্য্য, ধৰ্মিনী বিউতি গোস্বামী আদি কৰি কেইবাজনো গুনমুগ্ধই প্ৰয়াত অবিনাশ ভট্টাচাৰ্য্যৰ জীৱন কৃতিৰ ওপৰত বক্তব্য দিয়ে৷ সভাত কমলা দেৱীয়ে বৰগীত আৰু চন্দ্ৰধৰ বেজবৰুৱাই লোকগীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে৷ সভাৰ আৰম্ভণিতে প্ৰয়াত ভট্টাচাৰ্য্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে পত্নী বিউতি গোস্বামীয়ে৷