02/27/2022 - 17:45
in
নিউজ ডেস্কঃ ঔষধৰ দৰে ম্যাদ উকলিব এদিন বিজেপিৰ-জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈ। নিজ দলৰ গুণ-গৰিমা বখানি বিজেপিক ঔষধৰ সৈতে তুলনা কৰিলে প্ৰদ্যুত বৰদলৈয়ে। ঔষধৰ ম্যাদ উকলাৰ দৰে বিজপিৰো এদিন ম্যাদ উকলিব বুলি মন্তব্য কৰে তেওঁ। কংগ্ৰেছৰ বৰ্তমানৰ শোচনীয় পৰিস্থিতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বৰদলৈয়ে। ক’লে- কংগ্ৰেছৰ ১৩৫ বছৰীয়া ইতিহাসৰ কথা। ডাইনছ’ৰৰ দৰেই কংগ্ৰেছ বিলুপ্ত হৈ নাযায় বুলি মন্তব্য কৰি প্ৰদ্যুত বৰদলৈয়ে কয়, “ধুমুহা আহিবই। সেয়া অৱশ্যম্ভী। ধুমুহা আহিলে দুই-এটা ঠাল-ঠেঙুলি ভাগি পৰিবই। গছডালো অলপ হাউলিব পাৰে। কিন্তু বাগৰি নাযায়। কংগ্ৰেছৰ শিপা পাতাললৈকে আছে।”