নিউজ ডেস্কঃ যোৱা বিধানসভা নিৰ্বাচনত শিৱসাগৰত জয়লাভ কৰা অখিল গগৈ এতিয়া শাসকীয় বিজেপিৰ বাবে মূৰৰ কামোৰণি। শিৱসাগৰ নগৰৰ পৌৰ সভা নিৰ্বাচনৰ সময়তো এতিয়া বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছে অখিল গগৈৰ ৰাইজৰ দল। যাৰ বাবে এতিয়া শিৱসাগৰ নগৰত দিনে-নিশাই প্ৰচাৰত নামিছে বিজেপিৰ বৰ বৰ মন্ত্ৰী-বিধায়ক। বিভিন্ন প্ৰতিশ্ৰুতিৰে, অখিল গগৈক কটাক্ষ কৰি নিৰ্বাচনী দেওনা অতিক্রমৰ চেষ্টা চলোৱা দেখা গৈছে বিজেপিক।
শেহতীয়াকৈ শিৱসাগৰ নগৰৰ পৌৰ সভা নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই অখিল গগৈক ‘টুপী’ আখ্যা দিলে চৰকাৰৰ শক্তিমন্ত্ৰী বিমল বৰাই। নিৰ্বাচনী প্ৰচাৰত শিৱগাসৰৰ সামগ্ৰিক উন্নয়নৰো প্ৰতিশ্ৰুতি দিলে মন্ত্ৰীগৰাকীয়ে। বিধানসভা নিৰ্বাচনত শিৱসাগৰ বাসী ৰাইজে কৰা ভুলৰ পৌৰ সভাৰ নিৰ্বাচনত সংশোধন কৰাৰ সুযোগ পাইছে বুলি মন্তব্য কৰি বিমল বৰাই অখিল গগৈক এটা টুপী বুলি অভিহিত কৰে। ৰাইজেই এই টুপী খুলিব লাগিব বুলিও মন্তব্য কৰে বিমল বৰাই।
বিমল বৰাৰ মতে, শিৱসাগৰৰ উন্নয়নৰ বাবে তেওঁ নিজে দায়বদ্ধ, বিজেপি চৰকাৰ দায়বদ্ধ। সেইবাবেই অখিল গগৈ দায়বদ্ধ নহয় বুলিও একপ্ৰকাৰ দাবী কৰিলে মন্ত্ৰীজনে।শিৱসাগৰৰ উন্নয়নৰ বাবে সদনত অখিল গগৈয়ে বিচৰা ১০০ কোটি টকাৰ প্ৰসংগ টানি আনিও কটাক্ষ কৰিবলৈ নেৰিলে বিমল বৰাই। তেওঁ কয়, “এশ কোটি টকাত শিৱসাগৰৰ উন্নয়ন সম্ভৱ নহয়। কিন্তু অখিল গগৈৰ লিমিট সেই এশ কোটিয়েই। কিন্তু আমাৰ লিমিটৰ কোনো লিমিটেই নাই।” শক্তিমন্ত্ৰীৰ মতে- শিৱসাগৰৰ উন্নয়নৰ বাবে বিজেপিৰ আকাশেই শেষ সীমা!