আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

 02/28/2022 - 12:48

 

নিউজ ডেস্কঃ আজি মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আৰম্ভ হয় পুৱা ৭ বজাৰ পৰা৷ মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ আজি পাঁচখন জিলাত অনুষ্ঠিত হয়-ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, চুৰাচান্দপুৰ আৰু কাংপোকপি। নিৰ্বাচনৰ ফলাফলসমূহ ১০ মাৰ্চত ঘোষণা কৰা হ’ব। ক’ভিড পজিটিভ আৰু কোৱাৰেন্টাইনত থকা ভোটাৰসকলক অন্তিম ঘণ্টাত তেওঁলোকৰ ভোটদান কৰাৰ অনুমতি দিয়া হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে ৩৮টা বিধানসভা সমষ্টিৰ বাবে মুঠ ১৭৩জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

 

মুঠ প্ৰাৰ্থীৰ ভিতৰত ১৫গৰাকী মহিলা আৰু ৩৯জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ আছে। ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৩৮জন, কংগ্ৰেছে ৩৫জন আৰু জনতা দল ইউনাইটেডে (জেডিইউ) ২৮জন প্ৰাৰ্থী প্ৰদান কৰিছে নিৰ্বাচনত। ইপিনে চামুলামলান গাঁৱৰ উপ-বিভাগীয় কাৰ্যালয় চৌহদত এছ বক্সাৰ মেৰীকমৰ স্বামী কাৰোং ওনখোলাৰে আজি ভোটদান কৰে। অনখোলাৰে ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ চাইকোট (এছটি) বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।