লংকাৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰী উদ্ধাৰঃ সমগ্ৰ কাহিনী ৰহস্যৰ আৱৰ্তত

 06/07/2019 - 16:40

লংকাঃ অৱশেষত এটি পৰিয়াললৈ নামি আহিল আনন্দৰ বন্যা৷ স্বস্তিৰে নিশ্বাস পেলালে আৰক্ষীয়েও। উদ্ধাৰ হ’ল আফচানা বেগমৰ কন্যা৷ প্ৰায় ডেৰ মাহ পূৰ্বে লংকাৰ উদালীৰ পৰা ৰহস্যজনক‌ ভাৱে সন্ধানহীন হৈছিল দহ‌ বৰ্ষীয় এজনী ফুলকুমলীয়া কিশোৰী৷ যাক‌ লৈ একপ্ৰকাৰে সমগ্ৰ হোজাই জিলাতে সৃষ্টি হৈছিল এক আতংকময় পৰিৱেশ।

কিশোৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ঘৰৰ পৰা প্রথমে লংকা ৰে’ল ষ্টেচনলৈ যায় আৰু তাৰ পৰা কহিমালৈ যায়। কহিমাত প্ৰায় ডেৰ মাহ ফাতিমা বেগমৰ লগত থাকি কালি ফাতিমাক লগত লৈ নিজ বাস গৃহত উপস্থিত হয়। উল্লেখযোগ্য যে কেইদিনমান আগতে একেৰাহে লংকাৰ বিভিন্ন অঞ্চলৰ পৰা ৫-৬গৰাকী ল’ৰা ছোৱালী নিৰুদ্দেশ হৈছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।