ডাঙৰ খবৰঃ মাৰ্চত ১৩ দিনৰ বাবে বন্ধ থাকিব বেংকসেৱা

 02/28/2022 - 13:34

 


নিউজ ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰ অনুসৰি মাৰ্চ মাহত ১৩ দিনৰ বাবে বন্ধ ৰখা হ’ব দেশৰ বেংকসেৱা৷ৰাষ্ট্ৰীয় বন্ধৰ উপৰি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ আৰু লগতে দেওবাৰসমূহো যোগ কৰা হৈছে।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি তিনি ধৰণৰ বন্ধ উল্লেখ কৰা আছে-১. নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ অধীনত বন্ধৰ দিন ২.নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টএক্ট আৰু ৰিয়েল-টাইম গ্ৰছ ছেটেলমেণ্ট হলিডেৰ অধীনত বন্ধৰ দিন ৩.বেংকসমূহৰ একাউণ্ট ক্লজিঙৰ বাবে। ১ মাৰ্চ: মহাশিৱৰাত্ৰি, ৩ মাৰ্চ: লোছাৰ, ৪ মাৰ্চ: চাপচাৰ কুট, ১৭ মাৰ্চ : হোলি,১৮ মাৰ্চ : দৌলযাত্ৰা, ১৯ মাৰ্চ : হোলীৰ দ্বিতীয় দিন, ২২ মাৰ্চ : বিহাৰ দিৱস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।