লেহৰ খাৰ্দোংলাত -২৩ ডিগ্ৰী ছেলছিয়াছত অসম যুৱকৰ চাইক্লিং

 02/28/2022 - 14:27

 

নিউজ ডেস্কঃ লাডাখত হোৱা শীতকালীন চাইকেল অভিযান ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হৈছে। প্ৰথম দুদিন লেহত চাইক্লিং দলটোৱে অনুশীলন হিচাপে শান্তি স্তোপা আৰু সংগম হৈ নিমু ভেলীলৈ গৈ পুনৰ লেহলৈ উভতি আহে।তৃতীয় দিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত শেখৰ বৰদলৈৰ নেতৃত্বত চাইক্লিং অভিযানকাৰী দলটো ক্ৰমে চন্দোৎপল গগৈ, নিৰজ বৰা, দৃষ্টি কাশ্যপ বৰদলৈ আৰু কৃষানু বৰাই (সহায়ক) পৃথিৱীৰ জনপ্ৰিয়  খাৰ্গেংলা পাছলৈ অভিযান কৰে। এই অভিযানৰ অভিযানকাৰী দলটো তুষাৰ পাত আৰু অতি নিম্ন মানৰ উষ্ণতা (-২৩ ডিগ্ৰী ছেলছিয়াছ দিনৰ ভাগত) নেওচি ১৭,৯৮২ ফুট উচ্চতাৰ খাৰ্দোংলা পাছত উপস্থিত হয়। অসমৰ এইটোৱে প্ৰথম চাইক্লিং দল যিয়ে শীতকালত লেহৰ পৰা খাৰ্দোংলালৈ চাইকেল অভিযান কৰিছে। সাধাৰণতে খাৰ্দোংলালৈ শীতকালত দুচকীয়া বাহনৰ অনুমতি প্ৰদান নকৰে যদিও অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আৰু লেহৰ স্থানীয় প্ৰশাসনৰ সহযোগত এই অভিযান সফল ৰূপে সমাপণ হয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।