আজি ধুবুৰীৰ পৰা মক্কালৈ ৰাওনা ২৭ গৰাকী হজযাত্ৰীৰ

 02/28/2022 - 15:25

 

ধুবুৰীঃ আৰৱৰ আদিবা টুৰ এণ্ড ট্ৰেভেলছ প্ৰাইভেট লিমিটেডৰ অধীনৰ ধুবুৰীৰ সৰকাৰ ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে আজি প্ৰথমবাৰৰ বাবে ধুবুৰীৰ পৰা ৰে’ল যোগে কলিকতা আৰু কলিকতাৰ পৰা মক্কা লৈ যাবলৈ ওলাইছে এইসকল হজযাত্ৰী। সৰ্বমুঠ মাত্ৰ এক লাখ টকা খৰছ হ’ব এইসকল হজযাত্ৰীৰ। আজি ধুবুৰী ৰে’লৱে ষ্টেচনত উপস্থিত হৈ পুৰুষ-মহিলাসহ মুঠ ২৭ হজযাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিশ্ব শান্তিৰ বাবে দোৱা কৰিবলৈ আহ্বান জনায় গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰে।

 

হজযাত্ৰী বিদায়ী অনুষ্ঠানত উপস্থিত থাকে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ব্যক্তিগত নমিনি ৰবিউল আওৱাল আৰু সৰকাৰ ট্ৰেভেলছৰ স্বত্বাধিকাৰী ৰেজাউল ইছলাম সৰকাৰ। উল্লেখ্য যে, সুদীৰ্ঘকাল বছৰে ধুবুৰীৰ পৰা গুৱাহাটী হৈ বিভিন্ন এজেঞ্চিৰ জৰিয়তে মক্কালৈ গৈছিল হজযাত্ৰীসকলে। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ধুবুৰীৰ সৰকাৰ ট্ৰেভেলচৰ জৰিয়তে মক্কালৈ যাবলৈ সুযোগ লাভ কৰিব ইয়াৰ হজযাত্ৰীসকলে। এয়া নিশ্চিতভাবে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ হজযাত্ৰীৰ বাবে এক সুখবৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।