ইউক্ৰেইনত ভাৰতীয়ৰ উদ্ধাৰৰ বাবে চলিব বিশেষ ৰে’ল

 02/28/2022 - 16:00

 

নিউজ ডেস্কঃ ভাৰতে কিছু সকাহ লাভ কৰিছে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ ক্ষেত্ৰত। ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত জাৰি কৰি থোৱা কাৰ্ফিউ সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে। ভাৰতীয়সকলক কিয়েভৰ পৰা স্থানান্তৰিত কৰিবলৈ যুদ্ধ বিধ্বস্থ কিয়েভৰ পৰা চলিব বিশেষ ৰে’ল। সেয়েহে যুদ্ধৰ ভয়াবহতাৰ মাজতো ৰাজধানী কিয়েভৰ ৰে’লৱে ষ্টেচনলৈ ভাৰতীয়সকলক যাবলৈ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় দূতাবাসে।

 

ইউক্ৰেইনত ভাৰতৰ ১৫ হাজাৰ লোক এতিয়াও আবদ্ধ হৈ আছে। এই লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে অপাৰেচন গংগাৰ মাধ্যমেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ১১০০ ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ লৈ অনা হৈছে। ইফালে কিয়েভৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে বিশেষ ৰেল ৰাজধানীৰ পৰা ইউক্ৰেইনৰ পশ্চিম প্ৰান্তলৈ চলিব। ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে এটা বিশেষ টুইটাৰ হেণ্ডেল মুকলি কৰিছে। এই টুইটাৰ একাউণ্টৰ জৰিয়তে ইউক্ৰেইনৰ সীমান্তৰ দেশ হাংগেৰী, পোলেণ্ড, ৰোমানিয়া, স্লোভাক গণৰাজ্যৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰিছে।  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।