আমগুৰি: চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত বৰবাম পঞ্চায়তে ২.৩০ লাখটকীয়া আৰচিচি ড্ৰেইনৰ পকী ৱাল নিৰ্মাণ কৰি থকা অৱস্থাতে নিশা অচিনাক্ত দুৰ্বৃত্তই পকী ৱালৰ দুয়ো দিশৰ সম্পূৰ্ণ অংশ ভাঙি পেলায়। আজি পুৱা স্থানীয় লোকে পকী ৱাল নিৰ্মীয়মান অৱস্থাতে নিশা দুৰ্বত্তই ভাঙি পেলোৱা প্ৰত্যক্ষ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পঞ্চায়তৰ অধীনৰ উন্নয়নমূলক আঁচনি দুৰ্বৃত্তই ভাঙি পেলোৱাত নিৰ্মাণকাৰ্যত নিয়োজিত স্থানীয় ব্যক্তি বীৰেন গুৱালাই আমগুৰি খণ্ড উন্নয়ন বিষয়াক অৱগত কৰে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় হালোৱাটিং আৰক্ষীক এজাহাৰ দাখিল কৰিছে। ইফালে যোৱা ৩ জুনতো দুৰ্বৃত্তই একে অংশতে পকী ৱালৰ বৃহৎ অংশ ভাঙি তাণ্ডৱ চলাইছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰাজনৈতিক ক্ষমতালোভী বিজেপিৰ বিৰোধীপক্ষৰ কোনো লোক এই ঘটনাত জড়িত থকা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।