‘কাঁচা বাদাম’ শিল্পী ভুৱন বাদ্যকৰ গাড়ী চলাবলৈ শিকোতে দুৰ্ঘটনাত আহত

 03/01/2022 - 13:56

 


নিউজ ডেস্কঃ বাদাম বাদাম দাদা কাঁচা বাদাম, এই কাঁচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ নামৰ বাদাম বিক্ৰেতাজন। কাঁচা বাদামৰ গায়ক ভুৱন বাদ্যকৰ সোমবাৰে নিশা সংঘটিত এক দুৰ্ঘটনাত আহত হয়। তেওঁক পশ্চিমবংগৰ বীৰভূমৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। খবৰ অনুসৰি ভুবনে এখন ছেকেণ্ড হেণ্ড গাড়ী চলাবলৈ শিকি আছিল, গাড়ী চলাবলৈ শিকি থাকোতে তেওঁ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত বুকুকে ধৰি তেওঁ শৰীৰৰ আন কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে। সুস্থ নোহোৱা পৰ্যন্ত হাস্পতালতে থাকিব ভুৱন। এতিয়া তেওঁ বহুতো টিভি শ্ব’ আৰু প্ৰ’গামৰ পৰাও অ’ফাৰ পাইছে। বৰ্তমান ভুবনৰ জনপ্ৰিয়তা এনেকুৱা যে মানুহে তেওঁৰ সৈতে চেলফি লোৱা আৰম্ভ কৰিছে। ভুৱনক এক সাক্ষাৎকাৰত সোধা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কি কৰিব? তেওঁ উত্তৰ দিছিল, “মই এজন শিল্পী হ’ব বিচাৰো। মই এজন চেলিব্ৰিটি হৈ পৰিছোঁ। এতিয়া যদি মই এজন চেলিব্ৰিটি হৈ বাদাম বিক্ৰী কৰোঁ, মানুহে মোক হাঁহিব… ঠাট্টা কৰিব। ভুবনে লগতে কৈছিল যে যেতিয়াৰ পৰা তেওঁৰ গাওঁবাসীয়ে তেওঁৰ খ্যাতিৰ বিষয়ে জানিব পাৰিছে তেতিয়াৰে পৰা তেওঁক বাদাম বিক্ৰী কৰিবলৈ যোৱা বন্ধ কৰি দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।