লাচিতৰ দেশৰ লাচিতৰ আমেৰিকাত চমক

 03/14/2019 - 13:45

গোলাঘাটঃ গোলাঘাটৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ এজন সন্তানে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে।

নিজ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে গোলাঘাট জিলাৰ জামুগুৰি গৱেষক ছাত্ৰ লাচিত শইকীয়াই।

বিশ্বৰ বিজ্ঞান জগতত নতুন আৱিস্কাৰেৰে নিজৰ নাম অংকিত কৰিবলৈ সক্ষম হৈছে লাচিতে। যোৱা ৪-৮ মাৰ্চলৈ আমেৰিকা যুক্তৰাষ্টৰ ব’ষ্টন চহৰত অনুষ্ঠিত বিশ্বৰ সৰ্ববৃহৎ পদাৰ্থ বিজ্ঞান সন্মিলন (এপিএছ মাৰ্চ মিটিং-২০১৯)ত গৱেষক বক্তা হিচাপে আমন্ত্ৰণ লাভ কৰে লাচিত শইকীয়াই।

বিশ্বৰ সকলো দেশৰ পৰা মুঠ এঘাৰ হাজাৰ পদাৰ্থ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। উক্ত সন্মিলনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা প্ৰাপ্ত বিজ্ঞানী সকল উপস্থিতি আছিল। ইতিমধ্যে “title of my paper: ‘Self assembly of cyclic polygon shaped fluid colloidal membrane through pinning” বিষয়ৰ ওপৰত গৱেষনা কৰা লাচিতে বর্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰু(Indian institute of science, Bangalore)ত পিএইচডি সম্পণ্ণ কৰিছে।

উল্লেখ্য যে, লাচিত শইকীয়া গোলাঘাট জিলাৰ জামুগুৰি কালুজান গাঁৱৰ নিবাসী যোগেশ্বৰ শইকীয়া আৰু ব’হাগী শইকীয়াৰ সুযোগ্য সন্তান। লাচিতৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অসমবাসী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।