ইউক্ৰেইনৰ পৰা ঘৰলৈ উভতিল ১৮২ জন

 03/01/2022 - 16:42

 


নিউজ ডেস্কঃ ইউক্ৰেইনৰ পৰা ইতিমধ্যে বহু ভাৰতীয়ক বিশেষ বিমানেৰে ভাৰতলৈ অনা হৈছে তথাপিও বহু সংখ্যক লোক ইউক্ৰেইনতে আছে।ইয়াৰ মাজতে অপৰেশ্যন গংগাৰ ৭ নম্বৰখন বিমানে ১৮২ জন ভাৰতীয় লোকৰ সহায়ত ৰোমানিয়াৰ বুখাৰেষ্টনৰ পৰা মুম্বাইত উপস্থিত হয়।মুম্বাইত উপস্থিত হোৱা পাছতেই কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে আদৰণি জনাই ভাৰতীয় নাগৰিকসকলক। অষ্টমখন বিমানেও আজি হাংগেৰীৰ পৰা নতুন দিল্লীলৈ ৰাওনা হয়। এই সন্দৰ্ভত এগৰাকী ছাত্ৰই ভাৰতীয় দূতবাস আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।কিয়নো তেওঁলোকক ঘৰলৈ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টা কৰি আছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।