জামুগুৰিহাটৰ ৰাণ্ডুপামত শিৱৰাত্ৰি উদযাপন

 03/01/2022 - 17:06

 


জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হয় মহা শিৱৰাত্ৰি। এই উপলক্ষে আজি অঞ্চলটোৰ ৰাণ্ডুপাম স্থিত শিৱ মন্দিৰ প্ৰাংগনত ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা যায়৷ পুৱাৰে পৰা ধৰ্মীয় ৰীতি-নীতিৰে ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনাত ব্যস্ত হৈ পৰি সকলোৰে মংগল কামনা কৰাৰ লগতে বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা জনায়। চতিয়া সমষ্টিৰ অন্তৰ্গত দক্ষিন মূঢ়াদল গাঁওপঞ্চায়ত এলেকাৰ ৰণ্ডুপামত মহা শিৱৰাত্ৰি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে গাঁও পঞ্চায়ত খনিৰ সভাপতি দিলীপ সেনাপতি, নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়া, নদুৱাৰ সামাজিক মাধ্যমৰ আহ্বায়ক জগত বৰাৰ লগতে সদস্যসকল আৰু কেইবা শতাধিক ৰাইজ। অনুষ্ঠানটিত টুপিয়াৰ উদিয়মান কণ্ঠশিল্পী প্ৰকাশ প্ৰধানে শিৱৰ ভক্তিমূলক গীত পৰিবেশন কৰি ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।