03/01/2022 - 18:55
in
নুমলীগড়ঃ আজি মহাশিৱৰাত্ৰি। ৰাজ্যৰ সৰ্বত্ৰে আজি শিৱৰাত্ৰি পালন কৰা হৈছে। নুমলীগড়তো বিভিন্ন শিৱমন্দিৰ সমূহত আজি ভকত-বৈঞ্চৱ, আই-মাতৃ, যুৱক-যুৱতীসকলৰ লানি নিছিগা সোঁত বৈছে শিৱৰাত্ৰি পালনৰ হেতু শিৱমন্দিৰ সমূহলৈ। এই দৃশ্য হৈছে নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ মুৰফুলানী অঞ্চলৰ হৰ-গৌৰী শিৱ মন্দিৰৰ। মুৰফুলানী অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ এনেদৰে কেইবাবছৰো ধৰি এই মন্দিৰ শিৱৰাত্ৰি পালন কৰি আহিছে। আজিও একেই দৃশ্য দেখা গৈছে এই মন্দিৰত। উদ্যোক্তাসকলে ভাষ্যযোগে কয় যে বিগত বৰ্ষসমূহতকৈ এইবাৰ ৰাইজৰ সহযোগিতা দুগুন পৰিলক্ষিত হৈছে।