ইউক্ৰেইনত থকা ভাৰতীয় ব্যৱসায়ী মনীষ দেৱৰ মহানুভৱতা, ইউক্ৰেইনত থকা নিজৰ ৰেষ্টুৰেণ্টক আশ্ৰয়থলিলৈ ৰূপান্তৰ

 03/02/2022 - 14:02

 

নিউজ ডেস্কঃ ইউক্ৰেইনত থকা ভাৰতীয় ব্যৱসায়ী মনীষ দেৱে দাঙি ধৰিছে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ। ইউক্ৰেইনৰ ৰাজধানী কীয়েভত থকা তেওঁৰ ৰেষ্টুৰেণ্টখন ইউক্ৰেইন আৰু ভাৰতীয় নাগৰিকসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে তেওঁ মুকলি কৰি দিছে। ইউক্ৰেইনত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে গুজৰাটৰ মনীষ দেৱে আৰম্ভ কৰিছিল সাথিয়া নামৰ ৰেষ্টুৰেণ্টখন।

 

এতিয়া কিয়েভবাসীৰ লগতে ভাৰতীয় লোকসকলৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল হৈ ৰেষ্টুৰেণ্টখন। বিমান আক্ৰমণ, গোলাবৰ্ষণৰ পৰা সুৰক্ষা বিচাৰি তালৈ আহিছে অনেক লোক। মনীষ দেৱে এটা বাৰ্তা পোষ্ট কৰি কৈছিল যে তেওঁৰ ৰেষ্টুৰেণ্টখন বেচমেণ্টত আছে আৰু জটিল পৰিস্থিতিত থাকিবলৈ এক সুৰক্ষিত স্থান। তেওঁ লিখিছিল “ভাৰতৰ মোৰ মৰমৰ বন্ধু বা ইউক্ৰেইনৰ যিকোনো নাগৰিক, আমাৰ ৰেষ্টুৰেণ্টখন বেচমেণ্টত আছে আৰু এই ভয়ানক পৰিস্থিতিত এয়া এক সুৰক্ষিত স্থান।

 

যদি এই সময়ত থাকিবলৈ আপোনাৰ সঠিক সুৰক্ষিত স্থান নাই, অনুগ্ৰহ কৰি ইয়ালৈ আহক। আমি বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে আৰু আমাৰ সামৰ্থ্য অনুসৰি সকলোকে ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিম। ইউক্ৰেইনৰ সৈতে একত্ৰিত হৈ থিয় হওক।” ৰাছিয়ান সৈন্যৰ বোমাবৰ্ষণ, গুলীবৰ্ষণৰ পৰা বাচিবৰ বাবে এতিয়া বহু ভাৰতীয় নাগৰিকৰ লগতে ইউক্ৰেইনৰ নাগৰিকে আহি মনীষৰ ৰেষ্টুৰেণ্টৰ তলত থকা বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।