বঙাইগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ত সংবাদ মেল

 03/02/2022 - 16:36

 


অভয়াপুৰীঃ বঙাইগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ত সংবাদ মেল। জিলা পৰিবহন বিষয়াই বকেয়া টেক্স আদায়ৰ ওপৰত সংবাদ মেলৰ আয়োজন কৰে। পাঁচ বছৰৰ টেক্স পৰিশোধ কৰি আন দহ বছৰৰ টেক্স পৰিশোধ নকৰাকৈ ভালেসংখ্যক গাড়ী চলি আছে বুলি জনায় বিষয়াগৰাকীয়ে। সকলো বাহনৰ গৰাকীক টেক্স পৰিশোধ কৰাৰ বাবে আহ্বান জনায় বিষয়াগৰাকীয়ে। অন্যথা কঠোৰ নীতি প্ৰয়োগ কৰিব পৰিবহন বিভাগে লগতে অনাদায় টেক্সৰ বাহনক ঘৰৰ পৰাই  উঠাই আনিব বুলিও জনায় বিষয়া গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।