মৰ্মান্তিক, সুউচ্চ পাহাৰত অৱস্থিত শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ পুৰুষ-মহিলাৰ মৃত্যু

 03/02/2022 - 17:21

 

 

নিউজ ডেস্কঃ বৰাক উপত্যকাৰ ঐতিহ্যবাহী ভুৱন পাহাৰত অৱস্থিত শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আকস্মিকভাৱে মৃত্যু ঘটিল দুই পুৰুষ-মহিলাৰ। পাহাৰৰ শিখৰত অৱস্থিত শিৱ মন্দিৰ দৰ্শন কৰিবলৈ পুৱতি নিশাই পাহাৰ বগাই ওপৰলৈ উঠি যোৱাৰ সময়ত আকস্মিক মৃত্যু ঘটে বিক্রম পাল (৪২) নামৰ যুৱকজনৰ। মৃত বিক্ৰম পালৰ ঘৰ শিলচৰ দেশবন্ধু এলেকাত বুলি জানিব পৰা গৈছে৷ যুৱকজন অসুস্থ হৈ পৰাৰ পিছত চিকিৎসাৰ বাবে এম্বুলেন্সেৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে। হৃদৰোগত আক্ৰান্ত হৈ বিক্ৰম পালৰ মৃত্যু হােৱা বুলি সন্দেহ কৰা হৈছে। মঙলবাৰে ভুৱন মন্দিৰৰ ওচৰতে এগৰাকী মহিলাৰাে মৃত্যু হয় বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।