চেঙাৰ কাছুমাৰা থানাৰ অন্তৰ্গত মহচৰাত চুৰিকাণ্ড

 03/02/2022 - 19:02

 


নগৰবেৰাঃ চেঙাৰ কাছুমাৰা থানাৰ অন্তৰ্গত মহচৰাত চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগত দুৱাৰৰ তলা ভাঙি চোৰ লুটিলে নগদ ধনসহ কেইবা লাখ টকাৰ আ-অলংকাৰ। মহচৰা গাঁৱৰ শিক্ষক ৰবিউল হুছেইনে সপৰিয়ালে যোৱা কালি আলহী ঘৰত যোৱাৰ সুযোগতে ৰাতি চোৰে চলালে শিক্ষক ৰবিউল হুছাইনৰ ঘৰত চাফাই অভিযান। আজি বুধবাৰে শিক্ষক ৰবিউলে ঘৰত উপস্থিত হৈ প্ৰত্যক্ষ কৰে দুৱাৰৰ তলা ভঙা আৰু লণ্ডভণ্ড কৰে ঘৰৰ ভিতৰৰ আজ-বাব। চুৰিকাণ্ডটোত নগদ ধনসহ প্ৰায় আঠ লক্ষাধিক টকাৰ সা-সম্পত্তি লুটি নিয়া বুলি জানিবলৈ দিয়ে পৰিয়ালটোই। ভুক্তভোগী পৰিয়ালটোয়ে ইতিমধ্যে কাছুমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব দিয়ে আৰু আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ চুৰিকাণ্ডত জড়িত কোনো ব্যাক্তিৰ লগতে চুৰি কাৰ্যৰ কোনো সুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।