ঘৰলৈ উভতি যোৱা, আমি ইউক্ৰেইনত ৰুছ সেনাৰ মৃতদেহৰ দ’ম নিবিচাৰো- জেলেস্কী

 03/03/2022 - 20:29

 


নিউজ ডেস্কঃ জেলেস্কীয়ে ৰাছিয়ান সেনাসকলক উদ্দেশ্য কৰি কয় যে যদি তেওঁলোকে জীয়াই থাকিব বিচাৰে তেন্তে ঘৰলৈ উভতি যাওক।তেওঁ কয় যে যুদ্ধৰ পাছত আমি পুনৰ ইউক্ৰেইনত নতুনকৈ গঢ়িম, আমাক কৰা ক্ষতিৰ মূল্য ৰাছিয়াই পৰিশোধ কৰিব লাগিব। “আমি প্ৰতিটো ঘৰ, প্ৰতিটো ৰাস্তা, প্ৰতিখন চহৰ পুনৰুদ্ধাৰ কৰিম। তেওঁ ৰাছিয়াৰ সামৰিক বাহিনীক সতৰ্ক কৰি দি কয় যে “আমি ইউক্ৰেইনত ৰাছিয়াৰ সৈনিকৰ মৃতদেহৰ দম নিবিচাৰো, সেইবাবে ঘৰলৈ উভতি যোৱা”।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।