মাতৃয়ে কৰিলে দ্বিতীয় বিবাহঃ পুত্ৰই গৌৰৱেৰে ক’লে-‘মোৰ মা এগৰাকী যুঁজাৰু, ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো

 03/04/2022 - 13:24

 

নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত পুত্ৰই নিজ মাতৃৰ দ্বিতীয় বিবাহৰ ফটো গৌৰৱেৰে শ্বেয়াৰ কৰিলে। মাতৃৰ ৫৩ বছৰ বয়সত বিয়া পতাৰ ফটো শ্বেয়াৰ কৰি সংগ্ৰামৰ কথাও উল্লেখ কৰিলে পুত্ৰই। জিমিট গান্ধী নামৰ এজন যুৱকে মাতৃৰ দ্বিতীয় বিবাহৰ কইনা সাজৰ ফটো শ্বেয়াৰ কৰি গৌৰৱেৰে তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী লিখে। তেওঁ লিখিছিল ”মোৰ মায়ে মাত্ৰ ৪৪ বছৰ বয়সত তেওঁৰ স্বামীক হেৰুৱাইছিল আৰু তেওঁৰ পুত্ৰ বাহিৰত বাস কৰিছিল। মোৰ মা ভাৰতত অকলে বাস কৰিছিল। জীৱনৰ কঠিন পৰিস্থিতিৰ সৈতে যুঁজি থাকোঁতে ২০১৯ চনত তেওঁ ব্ৰেষ্ট কেন্সাৰত আক্ৰান্ত হয়, তাকো তৃতীয়টো ষ্টেজত সেই কথা ধৰা পৰে।

 

২ টা বছৰ ধৰি বহু কেম’থেৰাপী, ৰে থেৰাপীৰ অন্তত কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টতো তেওঁ আক্ৰান্ত হয়। ইয়াৰ পাছত মোৰ মা ডিপ্ৰেছনৰ দৰে মানসিক ৰোগতো ভুগিছিল কিন্তু ইমান বেয়া পৰিস্থিতিৰ স্বত্বেও তেওঁ কেতিয়াও কাৰো ওচৰত অভিযোগ কৰা নাছিল আৰু কেতিয়াও আশা হেৰুওৱা নাছিল। মোৰ মায়ে ৫২ বছৰ বয়সত পুনৰ নিজৰ প্ৰেম বিচাৰি পাইছিল আৰু ৫৩ বছৰ বয়সত পুনৰ বিবাহপাশত আৱদ্ধ হয়। মোৰ মায়ে ভাৰতীয় সমাজ ব্যৱস্থাত চলি থকা প্ৰচলিত নীতি-নিয়ম ভঙাৰ সাহস দেখুৱাইছিল। মোৰ মা এগৰাকী যুঁজাৰু হয়।’’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।