গুৱাহাটীক পৰিষ্কাৰ কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা, ৰাজহুৱা স্থানত পোহনীয়া কুকুৰক মলত্যাগ কৰালে মালিকে ভৰিব লাগিব জৰিমনা

 03/04/2022 - 16:41

 

নিউজ ডেস্কঃ এতিয়াৰে পৰা আপোনাৰ পোহনীয়া কুকুৰটোক ৰাজহুৱা স্থানত কৰাব নোৱাৰিব শৌচ-প্ৰস্ৰাৱ৷ গুৱাহাটী পৌৰনিগমে এই সন্দৰ্ভত দিছে এক কঠোৰ নিৰ্দেশনা৷ যদিহে মহানগৰীৰ পোহনীয়া কুকুৰৰ মালিকে ৰাজহুৱা স্থানত আনি শৌচ-প্ৰস্ৰাৱ কৰোঁৱাই তেন্তে এতিয়াৰে পৰা ৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা৷ জিএমচিৰ পশু চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মেধিয়ে কয় যে, গুৱাহাটী পৌৰ নিগম (সংশোধনী) আইন, ২০২১ অনুসৰি কুকুৰৰ মালিকসকলক শাস্তি দিয়াৰ লগতে তেওঁলোকৰ কুকুৰবোৰ জব্দ কৰা হ’ব৷ তেওঁ লগতে কয় যে, এনে কাৰ্য সন্দৰ্ভত নাগৰিক সংস্থাৰ পৰা বিভিন্ন আপত্তি লাভ কৰি আহিছে৷

 

এই আইন অনুসৰি, জিএমচি এলেকাৰ ভিতৰত ধাৰা ৩০১ উপ-শাখাৰ অধীনত পোহনীয়া জন্তুৰ দ্বাৰা আৱৰ্জনা পেলোৱা নিষিদ্ধ৷ডঃ মেধিয়ে কয়, “মালিকসকলে কুকুৰক খোজ কাঢ়িবলৈ লৈ যাওঁতে লগত মোনা কঢ়িয়াব লাগিব৷ যদি তেওঁলোকৰ পোহনীয়া জন্তুবোৰে ৰাজহুৱা স্থান যেনে ৰাস্তা, ফুটপাথ, বাগিচা আদিত মলত্যাগ কৰে তেন্তে সেই স্থানৰ পৰা মল পৰিষ্কাৰ কৰাটো তেওঁলোকৰ কৰ্তব্য।’ নিয়ম উলংঘনৰ নিৰীক্ষণ কৰিবলৈ জিএমচিৰ দ্বাৰা এটা নিৰীক্ষণ দলো গঠন কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ চহৰখনৰ বহুতো ঠাইত লক্ষ্য কৰা হৈছে যে তেওঁলোকৰ দায়িত্ব অৱহেলা কৰি কুকুৰৰ মালিকসকলে ৰাজহুৱা উদ্যান আৰু ৰাতিপুৱা খোজকঢ়াৰ পথটো অস্বাস্থ্যকৰ কৰি তোলে৷ এই ধাৰাৰ অধীনত যিয়ে নিৰ্দেশ অমান্য কৰে তেওঁলোকক জিএমচিয়ে জৰিমনা বিহিব৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।