নগৰবেৰাঃ বাঘবৰৰ সমষ্টিৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ১৩৯৩ নং আলোপতি ফকিৰপাৰা প্ৰা:বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাবক তথা পৰিচালনা সমিতিৰ সদস্যসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। জানিব দিয়া মতে প্ৰধান শিক্ষক কাজী ৰাহিনুৰ ইছলাম(Photo given) আৰু সভাপতি আলী আকবৰ আনছাৰীয়ে(photo given) বিদ্যালয় পৰিচালনাৰ নামত ব্যাপক লুন্ঠনৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে একাংশ অভিভাৱক তথা পৰিচালনা সমিতিৰ সদস্যই। সম্পূৰ্ণ সৈৰাচাৰী, একনায়কত্ববাদ আৰু ক্ষমতাৰ অপব্যবহাৰ কৰি বিদ্যালয় চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অভিভাৱকৰ লগতে পৰিচালনা সমিতিৰ সদস্য সকলে।বিদ্যালয় খনৰ খাদ্য আৰু আন্তঃগাঁথনিকে আদি কৰি সকলো দিশতে অকল দুৰ্নীতিয়েই দুৰ্নীতি। আনকি কমিছনৰ অংক নিমিলাৰ বাবেই হেনো ছাত্ৰ-ছাত্ৰীক পোছাক যোগান ধৰা নাই। উপায়বিহীন হৈ ছাত্ৰ-ছাত্ৰীয়ে পুৰণি পোছাক বা ঘৰৰ পৰা চিলাই কৰি দিয়া পোছাক পিন্ধিয়েই বিদ্যালয়ত আহিবলগীয়া হৈছে। এতিয়া প্ৰশ্ন হয় ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাবক তথা পৰিচালনা সমিতিৰ সদস্য সকলোৰ এনে প্ৰতিবাদত বিভাগীয় কৰ্তৃপক্ষৰ লগতে শিক্ষামন্ত্ৰীৰ গা লৰিব নে? এনেদৰেই বিদ্যালয় পৰিচালনাৰ নামত অনাগত দিন বোৰতো লুণ্ঠনৰাজ চলাই যাব সেয়া হে হ'ব লক্ষণীয়?