কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোনকালেই আৰম্ভ হ’ব গঁড় গণনা, গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

 03/05/2022 - 14:59

 

 নিউজ ডেস্কঃ চলিত মাহৰ ২৫, ২৬ আৰু ২৭ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাৰ সম্ভাৱনা আছে। এই সম্পর্কে কাজিৰঙাৰ কঁহৰাত অৱস্থিত বন বিভাগৰ মহিমিৰী আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই শেহতীয়াকৈ বনাঞ্চলিক বিষয়া, গৱেষণা বিষয়া আদিৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাত গঁড় গণনাৰ বাবে উক্ত সম্ভাব্য দিন স্থিৰ কৰিছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক আৰু ৰাজ্যখনৰ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ অনুমতি পোৱাৰ পিছতহে তাৰিখ চূড়ান্ত কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই মত প্রকাশ কৰিছে। এইবাৰো গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বন বিষয়াই আশা কৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।