গুৱাহাটীঃ ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাখন গুৱাহাটীস্থ সেৱা ভাৰতী ভৱন, শংকৰদেৱ আদিমগিৰিত অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যনিৰ্বাহক সদস্য টুম্বা সিং, উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক সুনীল কিংৰৱাইক প্ৰমূখ্যে ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ বিষয়ববীয়াসকল উপস্থিতত সাংগঠনিক দিশটোৰ ওপৰত পৰ্যালোচনা কৰা হয়। সভাত সৰ্বসন্মত ভাৱে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হোৱা হয়। প্ৰথম প্ৰস্তাৱ মৰ্মে কেন্দ্ৰীয়, ৰাজ্যিক, ব্যক্তিগতখণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ শ্ৰমিক কৰ্মচাৰীসকলৰ অভাৱ অভিযোগবোৰ শীঘ্ৰে নিষ্পত্তিৰ বাবে এখন স্মাৰক পত্র মূখ্যমন্ত্ৰী, উদ্যোগ, শ্ৰমমন্ত্ৰী আৰু বিত্তমন্ত্ৰী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
দত্তপন্ত ঠেংগ্ৰেজীৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৩১ অক্টোবৰ ২০১৯ৰ ভিতৰত জিলা সমিতিসমূহ গঠন কৰা হ’ব। শতবৰ্ষ উদযাপনৰ বাবে এখন ৰাজ্যিক সমিতিও গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। ২০২০ চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় ভাৱে শ্ৰমিক কাৰ্যকৰ্তা নিৰ্মাণৰ বাবে অভ্যাস বৰ্গ, মে, জুন মাহত বুদ্ধিজীৱি সন্মিলন আৰু জুলাই মাহত মহিলা সন্মিলন জিলা ভিত্তিত আয়োজন কৰা হ’ব। ঠিক সেইদৰে পঞ্চম ষষ্ঠ আৰু সপ্তম প্ৰস্তাৱ মৰ্মে ২০২০ চনত গুৱাহাটী এখন বিশাল জনসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ লগতে ভাৰতীয় মজদুৰ সংঘৰ অনুমোদিত দুটা ইউনিয়ন ক্ৰমে BCMS আৰু BCSS একেলগ কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। লগতে সভাই জ্যেষ্ঠ নাগৰিক সংঘক ভাৰতীয় মজদুৰ সংঘ মান্যতা দিয়ে বুলি মজদুৰ সংঘৰ তৰফৰ পৰা আজি ৰাজ্যিক সমিতিৰ সদস্য ৰজ্ঞন শৰ্মাই জানিবলৈ দিয়ে।