জামুগুৰিহাটত দুই শতাধিক পুৰুষ-মহিলা যুৱক-যুৱতীক স্ব-নিয়োজনৰ প্ৰশিক্ষণ প্ৰদান

 03/05/2022 - 19:12

 

জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ গ্ৰাম্যাঞ্চলৰ পুৰুষ-মহিলা যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ জড়িয়তে কৰ্ম সংস্থাপনৰ বাট মুকলাবলৈ “কন্যকাৰ” উদ্যোগত এক প্ৰশিক্ষন কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ বিজ্ঞানসন্মতভাৱে গাহৰি, মাছ, কুকুৰা, হাঁহ চাগলী আদি পালন কৰি কিদৰে লাভান্বিত হ'ব পাৰি তাৰ ওপৰত এই প্ৰশিক্ষন প্ৰদান কৰা হয় অঞ্চলটোৰ নিৱনুৱা সকলক৷ এমাহ যোৰা এই প্ৰশিক্ষন কাৰ্যসূচীত জামুগুৰিহাটৰ প্ৰায় দুই শতাধিক পুৰুষ মহিলা যুৱক যুৱতিয়ে প্ৰশিক্ষন গ্ৰহণ কৰে৷ প্ৰশিক্ষণৰ অন্তত আজি প্ৰশিক্ষণ প্ৰাপ্ত কেইবাগৰাকীও পুৰুষ-মহিলাই এই প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সাহস আৰু প্ৰেৰণা পোৱা বুলি মন্তব্য কৰে৷ প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তিম দিনা অনুষ্ঠিত সামৰনি অনুষ্ঠানত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি আগন্তুক দিনত কন্যকাৰ পৰা তেওঁলোকক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।